You are here: Homeসাহিত্যকবিতা কবিতা - নিলুফা ইয়াসমিন ( অসম, গুহাটি )
Monday, 13 March 2017 14:11

কবিতা - নিলুফা ইয়াসমিন ( অসম, গুহাটি )

Written by 

" নাৰী "

    - নিলুফা ইয়াসমিন ( অসম, গুহাটি )

নাৰী তুমি অৰ্দ্ধ -আকাশ
সকলো শক্তিৰ তোমাতে প্ৰকাশ ৷
তুমি নাৰায়ণী -----
মা-দেউতাৰ ঘৰৰ লখিমী জীয়ৰী
ঘৰৰ শুৱনি,
শহুৰৰ ঘৰৰ লখিমী বোৱাৰী
তুমিয়ে সৃষ্টিৰ মূল ----
তুমি জনমদায়িনী
গুনগুন হঁতৰ জননী
তুমি মমতাময়ী, তুমি মহিমাময়ী
তুমি মোহময়ী, তুমিয়ে মোহিনী
তুমি ত্যাগিণী ,
নহয় কাৰো স'তে তুলনা তোমাৰ 
তুমি অতুলনীয় ,
ঘনে ঘনে সলনি হয় ৰূপ তোমাৰ
সেয়ে তুমি অপৰূপা ৷
সকলো পৰিস্থিতিৰ যে তুমিযে সাক্ষী,
তুমি দুৰ্গা, তুমি সৰস্বতী, তুমি লক্ষ্মী
তুমিয়ে চন্ডী, তুমিয়েই কালি
তুমি যে অপৰাজিতা ৷
তুমিয়ে সকলো ধ্বংসৰ মূল
সেয়ে তুমি ধ্বংসিনী, তুমি ছলনাময়ী
কোনোৱেই হেনো নুবুজে তোমাক
সেয়ে তুমি ৰহস্যময়ী ৷
নহয় অন্য কোনো তোমাৰ সমান 
তুমি অনন্যা ৷
তোমাৰ কপালতে ধন তোমাৰ কপালতে জন
তুমিয়ে সেই নিৰৱধি নদী
যি সদায় বৈ যায় নীৰৱে
সকলো লেতেৰা -আবৰ্জনাক সামৰি ৷
তুমি আবেদনময়ী -----
অসুৰক্ষিত সদায় সেয়ে তুমি,
তুমিয়ে়ই সেই নাৰী যি হয় সদায় কামনাৰ বলি
সদায় কলংকিত, কলুষিত হোৱা সেই নাৰী তুমিয়ে,
তুমিয়েই সেই নাৰী যি সদায় উপেক্ষিতা ৷৷৷৷

 

[ এই বিভাগে যে কেও লেখা, কবিতা গল্প, এলাকার সংস্কৃতি অনুষ্ঠানের খবর আমাদের পাঠান । তবে লেখা নিজস্বী হওয়া চাই ।

  email :  This email address is being protected from spambots. You need JavaScript enabled to view it. ]

Read 179 times Last modified on Monday, 13 March 2017 15:09
Login to post comments

ফটো গ্যালারী

আপগ্রেড করুন

Contact Us

Email: This email address is being protected from spambots. You need JavaScript enabled to view it.

Face Book: /newsbazar24 

Helpline No- 09434219594/9126173604